
অনন্ত শক্তিৰ আধাৰ, অটল ভক্তি আৰু সাহসৰ প্ৰতীক মহাবীৰ হনুমানৰ পৱিত্ৰ শ্ৰীচৰণত 'হনুমান জয়ন্তী'ৰ শুভক্ষণত গভীৰ শ্ৰদ্ধা আৰু ভক্তি জনাইছোঁ।
'বজৰংগবলী'ৰ আশীৰ্বাদে সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি উঠক। সমাজত প্ৰতিষ্ঠা পাওক সদ্ভাৱ, ন্যায় আৰু আদৰ্শৰ বাণী। নতুন আশা, সুস্থ চিন্তা আৰু অদম্য সাহসেৰে সকলো আগবাঢ়ি যাওক উন্নতি আৰু সফলতাৰ পথত। 'সংকটমোচন' হনুমানৰ কৃপাদৃষ্টিয়ে সকলো বাধা-বিঘিনি দূৰ কৰি সকলোৰ জীৱনত মংগল বিয়পাই তুলক। সকলোলৈকে 'হনুমান জয়ন্তী'ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
#hanumanjayanti

বাংলা














