Utpal Sarma

1.6K posts

Utpal Sarma banner
Utpal Sarma

Utpal Sarma

@Utpal_Assam

𝐏𝐫𝐞𝐬𝐢𝐝𝐞𝐧𝐭, 𝐀𝐥𝐥 𝐀𝐬𝐬𝐚𝐦 𝐒𝐭𝐮𝐝𝐞𝐧𝐭𝐬' 𝐔𝐧𝐢𝐨𝐧 (𝐀𝐀𝐒𝐔)

Guwahati, Assam, India شامل ہوئے Ocak 2018
12 فالونگ4.7K فالوورز
پن کیا گیا ٹویٹ
Utpal Sarma
Utpal Sarma@Utpal_Assam·
When the mic demands Hindi. 😂 Courtesy @ndtv @ndtvindia
English
17
187
971
33.8K
Utpal Sarma
Utpal Sarma@Utpal_Assam·
সদৌ অসম ছাত্ৰ সন্থাৰ ‘প্ৰত‍্যাশা’ প্ৰকল্পৰ দ্বিতীয় বৰ্ষৰ কাম-কাজ আজিৰ পৰা হাতত লৈছোঁ। এই প্ৰকল্পৰ অধীনত UPSC ৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ Prelims উত্তীৰ্ণ অসম সন্তান সকলক পৰৱৰ্তী প্ৰস্তুতিৰ বাবে জলপানি আগবঢ়োৱা হয় আৰু বিশেষ পৰীক্ষাৰ জৰিয়তে বাছনি কৰি অসম, উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক দিল্লীলৈ UPSC ৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ ল’বলৈ প্ৰেৰণ কৰা হয়। ইতিমধ‍্যে যোৱা বৰ্ষত UPSC ৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ Prelims উত্তীৰ্ণ ৯ গৰাকী পৰীক্ষাৰ্থীক ৫০,০০০ টকাকৈ জলপানি প্ৰদান কৰা হৈছিল। মুঠ ৪০ গৰাকী নিৰ্বাচিত যুৱক-যুৱতীক দিল্লীত প্ৰশিক্ষণৰ ব‍্যৱস্থা কৰি দিয়া হৈছে। তেওঁলোকৰ নামভৰ্তি মাচুল আৰু শ্ৰেণী মাচুল সম্পূৰ্ণ বহন কৰাৰ উপৰিও দিল্লীত প্ৰশিক্ষণৰত অৱস্থাত মাহে ১২,০০০ টকাকৈ জলপানি প্ৰদান কৰি থকা হৈছে। এই বৰ্ষতো মে’ মাহৰ পৰা আৱেদন গ্ৰহণ, বাছনি পৰীক্ষা আদি প্ৰক্ৰিয়া আৰম্ভ হ’ব। আজি তাৰেই ৰূপৰেখা অংকন কৰিবলৈ আমি প্ৰাথমিক আলোচনাত মিলিত হওঁ। @AASUAssam
Utpal Sarma tweet mediaUtpal Sarma tweet mediaUtpal Sarma tweet mediaUtpal Sarma tweet media
বাংলা
0
2
7
120
Utpal Sarma
Utpal Sarma@Utpal_Assam·
চৰকাৰৰ প্ৰহসন আৰু ব‍্যৰ্থতাৰ অন‍্যতম পুতৌলগা দৃষ্টান্ত হ’ল ‘বানমুক্ত গুৱাহাটী’ৰ প্ৰতিশ্ৰুতি। কৃত্ৰিম বানত উটি গৈ যুৱতীৰ মৃত‍্যু হৈছে - গুৱাহাটী উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰী বিবেক দংশনত আক্ৰান্ত নহয় নে? বাৰিষাৰ এজাক বৰষুণত সমগ্ৰ গুৱাহাটীত যান-জঁটৰ সৃষ্টি হয়, শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিবলগীয়া হয় - ৰাইজক সপোন দেখুওৱা স্মাৰ্ট চিটিৰ ৰেহৰূপ এনেকুৱাই হৈ ৰ’ব নেকি? চৰকাৰে উত্তৰ দিব লাগে। গুৱাহাটীৰ কৃত্ৰিম বান কেৱল মহানগৰখনৰেই নহয় সমগ্ৰ অসমৰ এক জ্বলন্ত সমস‍্যা। গুৱাহাটী এদিন স্তব্ধ হৈ গ’লে সমগ্ৰ অসম, উত্তৰ-পূৱত তাৰ প্ৰভাৱ পৰে। গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণ সম্পৰ্কে চৰকাৰৰ কি পৰিকল্পনা আছে আৰু ইমানদিনে কি কি কাম কৰিছে তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰক; বান নিয়ন্ত্ৰণৰ বিস্তৃত আৰু বাস্তৱসন্মত ৰূপৰেখা ৰাইজৰ সমুখত তুলি ধৰক। সময় নিৰ্ধাৰিত কৰ্মসূচীৰে কৃত্ৰিম বান নিয়ন্ত্ৰণৰ পতিয়নযোগ‍্য পদক্ষেপ লৈ দেখুৱাওক।
বাংলা
4
3
18
544
Utpal Sarma
Utpal Sarma@Utpal_Assam·
মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ ১ ব’হাগৰ মুকলি বিহু। আপোন বিহুখনিৰ কিছু ভাললগা মুহূৰ্ত।
বাংলা
0
2
17
269
Utpal Sarma
Utpal Sarma@Utpal_Assam·
পশ্চিম মায়ং ‍আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে সোণালী জয়ন্তী বৰ্ষৰে সংগতি ৰাখি আয়োজন কৰা বিহু উদ্‌যাপন অনুষ্ঠানৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকোঁ। বিহু সন্মিলনীখনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।
Utpal Sarma tweet mediaUtpal Sarma tweet mediaUtpal Sarma tweet media
বাংলা
0
2
17
135
Utpal Sarma
Utpal Sarma@Utpal_Assam·
নিজৰ শৈলীৰে গীত পৰিৱেশন কৰিবলৈ গৈ জুবিন গাৰ্গৰ গান, সৃষ্টি সমূহক বিকৃত কৰাৰ মৰসাহ আৰু ধৃষ্টতা কোনেও কৰিব নালাগে। মৰ্মিতা মিত্ৰৰ এয়াই শেষ ধৃষ্টতা হওক!
বাংলা
2
2
34
1K
Utpal Sarma
Utpal Sarma@Utpal_Assam·
মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ ১ ব’হাগৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰোঁ। অনুষ্ঠানটোৰ মুখ‍্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও বিশ্ববিদ‍্যালয়ৰ সন্মানীয় উপাচাৰ্য‍্য ড• হিতেশ ডেকা মহাশয়। মৰিগাঁওবাসী ৰাইজৰ সঁহাৰি, সমৰ্থন আৰু অভিভাৱকত্বৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ।
Utpal Sarma tweet mediaUtpal Sarma tweet mediaUtpal Sarma tweet mediaUtpal Sarma tweet media
বাংলা
0
2
14
157
Utpal Sarma
Utpal Sarma@Utpal_Assam·
জুবিন গাৰ্গক কেতিয়াবা লগ পাওক বা নাপাওক, জুবিন গাৰ্গক ব‍্যক্তিগতভাৱে চিনি পাওক বা নাপাওক, জুবিন গাৰ্গৰ সৈতে তেওঁৰ জীৱন কালত একেলগে উঠা এখন ফটো থাকক বা নাথাকক; কিন্তু অসমত ‘জুবিন গাৰ্গ ষ্ট’ৰী’ এটা সকলোৰে আছে ক’বলৈ। Larger then life Zubeen Garg! #JusticeForZubeenGarg
বাংলা
3
5
52
929
Utpal Sarma
Utpal Sarma@Utpal_Assam·
মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ ১ ব’হাগৰ মুকলি বিহুৰ ৰূপালী জয়ন্তী উৎসৱত আজি সুধাকণ্ঠ ড• ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাৰ পাচতেই বাহিৰ কৰা হয় এক সাংস্কৃতিক শোভাযাত্ৰা। শিল্পীৰ কায়িক মৃত‍্যুহে সম্ভৱ; সৃষ্টি অমৰ, চিৰপ্ৰবাহমান।
Utpal Sarma tweet mediaUtpal Sarma tweet mediaUtpal Sarma tweet mediaUtpal Sarma tweet media
বাংলা
0
2
10
167
Utpal Sarma
Utpal Sarma@Utpal_Assam·
মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ ১ ব’হাগৰ মুকলি বিহুখনে এইবেলি ৰূপালী জয়ন্তী বৰ্ষ গৰকিছে। প্ৰথম দিনৰ মুকলি বিহুত মুখ‍্য অতিথি হিচাপে উপস্থিত থাকোঁ। মৰিগাঁৱৰ আপোন মানুহখিনিৰ সৈতে ব’হাগৰ প্ৰথম দিনটো কটোৱাৰ সোৱাদ সুকীয়া।
Utpal Sarma tweet mediaUtpal Sarma tweet mediaUtpal Sarma tweet mediaUtpal Sarma tweet media
বাংলা
0
0
33
414
Utpal Sarma ری ٹویٹ کیا
News18 Assam NE
News18 Assam NE@News18Northeast·
▶️খিলঞ্জীয়াৰ চাকৰিক লৈ আছুৰ সভাপতি উৎপল শৰ্মাৰ বিস্ফোৰক মন্তব্য় #utpalsharma #news18originals
বাংলা
8
3
36
4.1K
Utpal Sarma
Utpal Sarma@Utpal_Assam·
১ ব’হাগ - সদৌটিলৈ অসমীয়া নতুন বছৰৰ ওলগ যাচিলোঁ।
বাংলা
0
3
24
230
Utpal Sarma ری ٹویٹ کیا
ANI
ANI@ANI·
#WATCH | Guwahati, Assam | AASU President Utpal Sarma says, "... Bihu is like a lifeline to the people of Assam. On this auspicious day, we would like to extend our greetings and well wishes to all the indigenous people of Assam...and also seek the blessing of the people of Assam so that we can continue to fight for the improvement of the Assamese lifeline."
English
0
4
9
3.6K
Utpal Sarma
Utpal Sarma@Utpal_Assam·
আজি ঐতিহাসিক জজ্ খেলপথাৰৰ মুকলি বিহুত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰোঁ। ৰাইজৰ সৈতে মনৰ একাষাৰ ভগাই লওঁ।
Utpal Sarma tweet mediaUtpal Sarma tweet mediaUtpal Sarma tweet mediaUtpal Sarma tweet media
বাংলা
0
3
38
480
Utpal Sarma
Utpal Sarma@Utpal_Assam·
অসমবাসী ৰাইজলৈ আদৰৰ ৰঙালী বিহুৰ ওলগ যাচিলোঁ। যোৱাবেলি বিহুত আজিৰ দিনটোতে পাতিছিলোঁ- এই ব’হাগ আমাৰ বাবে বিশেষ। এই ব’হাগে আৰম্ভ কৰা নতুন বছৰে আমাৰ বাবে ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ কঢ়িয়াই আনিছে। উদ্‌যাপন আৰম্ভ হৈছিলহে! মুঠেই ধাৰণা নাছিল যে কালৰ চক্ৰ এইদৰে ঘূৰিব আৰু এইবাৰ বিহুত ক’ব লাগিব - জুবিন গাৰ্গ বিহীন প্ৰথমটো ব’হাগ বুলি। এই ব’হাগ উকা আৰু উছাহহীন। তথাপি আদৰৰ বিহুটি পালিবই লাগিব। জাতিটো আগুৱাই যাবই লাগিব। শুভাশা।
বাংলা
1
6
48
805
Utpal Sarma
Utpal Sarma@Utpal_Assam·
ভাৰতবৰ্ষৰ সংগীত জগতৰ এটা যুগৰ অৱসান ॥ কিংবদন্তী সংগীত শিল্পী আশা ভোছলেৰ বিয়োগত অত‍্যন্ত মৰ্মাহত হৈছোঁ। সুদীৰ্ঘ সময় ভাৰতবৰ্ষৰ সংগীতৰ ক্ষেত্ৰখনলৈ অনৱদ‍্য অৱদান আগবঢ়াই যোৱা শিল্পী গৰাকীৰ মৃত‍্যু ভাৰতৰ লগতে বিশ্বৰ সংগীত জগতৰ বাবেই অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ।
Utpal Sarma tweet media
বাংলা
2
2
16
231
Utpal Sarma
Utpal Sarma@Utpal_Assam·
লক্ষীমপুৰ জিলাত ‘প্ৰতিদিন’ গোষ্ঠীৰ কাৰ্যালয়ত হোৱা আক্ৰমণৰ ঘটনাক গৰিহণা দিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ টেটু চেপিবলৈ কৰা এই কলংকিত প্ৰচেষ্টাক নিন্দা কৰিছোঁ। এই ঘটনাৰে জড়িত সকলক শীঘ্ৰে বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছোঁ। সংবাদ পৰিৱেশনৰ পৰিৱেশ নথকা, সাংবাদিকৰ নিৰাপত্তা নথকা ৰাজ‍্যত গণতন্ত্ৰ কেনেকৈ বাচি থাকিব! এদিন পূৰ্বে একেখন জিলাতে ‘নিউজ লাইভ’ৰ সাংবাদিক ৰবীন্দ্ৰ উপাধ‍্যায়লৈ শিল দলিয়াই আক্ৰমণ কৰা বাতৰি প্ৰকাশ পাইছিল। এই ঘটনাৰ দোষীকো কৰায়ত্ত কৰি শাস্তি বিহিবলৈ দাবী জনাইছোঁ। সংবাদ গোষ্ঠীক আৰু সাংবাদিকক আক্ৰমণৰ লক্ষ‍্য কৰি লোৱা অপসংস্কৃতিক সকলোৱে দল-মত নিৰ্বিশেষে একেমুখে ধিক্কাৰ দিয়া উচিত। নিৰ্বাচনী হিংসা অসমৰ সংস্কৃতি হ’বই নোৱাৰে। এয়া নতুনকৈ আমদানিকৃত অপসংস্কৃতি। বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিম বংগৰ ফালেহে এনে দৃশ‍্য সুলভ আছিল। এতিয়া অসমতো প্ৰাৰ্থীৰ গাড়ীত আক্ৰমণ, সমৰ্থকক হত‍্যাৰ চেষ্টা, ৰাজনৈতিক কৰ্মীৰ মৃতদেহ উদ্ধাৰ আদি বাতৰি নিৰ্বাচনৰ বতৰত সহজলভ‍্য হৈ পৰিল। যিবোৰ নেতাৰ কাৰণে মানুহ মাৰিবলৈ, গাড়ী ভাঙিবলৈ কুণ্ঠাবোধ নকৰে; নিৰ্বাচনৰ পাচত সেই নেতাবোৰেই কোনটো দলত থাকেগৈ তাৰ নিশ্চয়তা নাথাকে। নিৰ্বাচনী হিংসাক সকলোৱে ঘৃণাৰে উপচাই পেলোৱা উচিত। এনে কাৰ্য‍্য কেৱল ঘৃণা আৰু শাস্তিৰ যোগ‍্য। প্ৰতিটো নিৰ্বাচনী হিংসাৰ ঘটনাৰ নিৰপেক্ষ তদন্ত আৰু দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছোঁ।
বাংলা
0
4
35
1.1K
Utpal Sarma
Utpal Sarma@Utpal_Assam·
অধিকাৰ, পৰিচয়, দায়িত্বৰ এই দিন; আঙুলিৰ এই চিন।
Utpal Sarma tweet media
বাংলা
2
3
70
1.1K
Utpal Sarma
Utpal Sarma@Utpal_Assam·
এছিয়ান ল’ন বল চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জনৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা নয়নমণি শইকীয়ালৈ অযুত অশেষ অভিনন্দন। মহিলা ছিংগলছত প্ৰথমবাৰৰ বাবে ভাৰতৰ হৈ স্বৰ্ণ পদক জয় কৰি তেখেতে ইতিহাস ৰচিবলৈ সক্ষম হৈছে। অসমবাসী গৌৰৱান্বিত।
Utpal Sarma tweet media
বাংলা
0
1
13
258
Utpal Sarma
Utpal Sarma@Utpal_Assam·
নিৰ্বাচনৰ দুদিন পূৰ্বৰে পৰা বহিঃৰাজ‍্যৰ পৰা হাজাৰ হাজাৰ মানুহ এইদৰে অসমলৈ অহাটো আশ্চৰ্য‍্যজনক। অসমীয়া ভাষা ক’ব নাজানে, বুজি নাপায়; অথচ অসমৰে ভোটাৰ বুলি দাবী কৰা এইসকল লোকক লৈ সন্দেহৰ সৃষ্টি হোৱাটো স্বাভাৱিক। ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ সময়ত অসমৰ মুখ‍্য নিৰ্বাচনী বিষয়াই ‘দুদিন পূৰ্বে মানুহেও ভোট দিব পাৰিব’ জাতীয় দায়িত্বজ্ঞানহীন মন্তব‍্য কৰি থোৱাৰ বাবেও বিষয়টোৱে অধিক সংশয়ৰ সৃষ্টি কৰিছে। নাগৰিকত্ব আৰু ভোটাধিকাৰ অসমৰ বাবে সদায়েই স্পৰ্শকাতৰ বিষয়, জাতীয় বিষয়। ভাৰতবৰ্ষৰ আন ৰাজ‍্যৰ পৰা হঠাতে আহি ভিৰ কৰা এই ভোটাৰবোৰক (!) লৈ সৃষ্টি হোৱা সন্দেহ-সংশয় সন্দৰ্ভত পতিয়নযোগ‍্য স্পষ্টীকৰণ দিবলৈ নিৰ্বাচন আয়োগক দাবী জনালোঁ। অসমৰ ৰাইজকো সজাগ, সচেতন হৈ থাকিবলৈ আহ্বান জনালোঁ। #ElectionCommision
বাংলা
9
18
84
3.4K