Ramen kr Das
6K posts

Ramen kr Das
@RamenkrDas2
#কাৰো প্ৰতি হিংসা নাই #মানুহে মানুহৰ বাবে🙏 #JusticeForZubeenGarg😭🙏












এই কেইটাদিনত ইমান বেছি পথ দুৰ্ঘটনা আৰু মানুহৰ মৃত্যুৰ খবৰ শুনি আছোঁ। অসমৰ ৰাজপথবোৰত যেন কিবা কালিকা লাগি আছে।










#PlantAndFlowerFestival কালি অন্ত হোৱা গছ আৰু ফুলৰ মেলাৰ কেইবাটাও ইতিবাচক দিশ লক্ষ্য কৰিলোঁ। অনুষ্ঠানটোত কেইবাখনো থলুৱা গছ-ফুলৰ বিপণীয়ে অংশগ্ৰহণ কৰি সফল হোৱাৰ লগতে কেইবাখনো থলুৱা খাদ্য সামগ্ৰীৰ বিপণীয়েও অংশগ্ৰহণ কৰিছিল। তাৰ অন্যতম আছিল ফলঙনি গাঁৱৰ উৎপল হাজৰিকা। তেওঁ এইবাৰ ঘৰতে প্ৰস্তুত কৰা উখুৱা চাউল, জহা চাউল, বৰা চাউল, চিৰা, নিম পাতৰ পেকেট, তেজপাতৰ পেকেট, মৌ আদিৰ এখন বিপণী আগবঢ়াইছিল। তেওঁৰ পৰা জানিব পাৰিলোঁ তেওঁৰ পৰিয়ালৰ দ্বাৰাই প্ৰস্তুত হোৱা এই বস্তুবোৰৰ ৫০,০০০ টকাতকৈও অধিক বিক্ৰী কৰিবলৈ সমৰ্থ হয়। যিমান সামগ্ৰী প্ৰস্তুত কৰিছিল সকলো শেষ ও হৈ যায়। তেওঁ ইয়াকো জনাই যে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত আগতে অনাহকত স্ফূৰ্তি-ফাৰ্তা কৰিয়েই তেওঁলোকে কটাইছিল। কিন্তু এইবাৰ তেওঁলোকে আনন্দৰ লগতেn অৰ্থনৈতিক ভাৱেও লাভান্বিত হ'ল। #WorkCulture #VocalForLocal #AtmaNirbharAssam











