
Sikhamoni bora
2K posts

Sikhamoni bora
@JanmoniBora6
আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া❤️ 🫶






#8PM #Election2026 ##ElectionResult2026 'ৰাইজ কিবা ক'ব লাগিব নেকি ?' বুলি অৱতীৰ্ণ হোৱা ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত খুমটাই সমষ্টিৰ পৰা মুঠ ৯১১২৭ টা (৬২.৭২%) ভোট প্ৰদানেৰে মোক জয়লাভ কৰোৱাত ৰাইজৰ এই মৰম আৰু জনাদেশত মই অভিভূত হৈছোঁ। এইবাৰৰ নিৰ্বাচনী প্ৰচাৰত মই নিজকে এক বিশেষ ধৰণে পৰীক্ষা লৈছিলোঁ। খুমটাই সমষ্টিত আমাৰ নাছিল এটাও নিৰ্বাচনী কাৰ্যালয়,নাছিল বেনাৰ-পোষ্টাৰ,নাই বাইক-গাড়ীৰ ৰেলী,অনুষ্ঠিত কৰা নহ'ল সৰু-বৰ এখনো সভা। খোজকাঢ়ি,চাইকেল চলাই ভ্ৰমণ কৰিছিলো সমগ্ৰ সমষ্টি । সাধাৰণভাৱে ৰাইজৰ মাজলৈ গৈ তেওঁলোকক নিজৰ ইচ্ছা আৰু বিবেক অনুসৰি ভোট প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিলোঁ। আজি ভোটগণনাৰ দিনটোতো ২৫ বছৰ অনুৰ্ধৰ অৰাজনৈতিক যুৱক-যুৱতীক Counting Agent হিচাপে নিয়োজিত কৰি ৰাজনীতিৰ প্ৰতি আকৰ্ষিত কৰাৰ যত্ন কৰিলোঁ । খুমটাই সমষ্টিবাসী প্ৰতিজন লোকক মই হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছোঁ। এই বিশ্বাস আৰু মৰমে মোৰ দায়িত্ব দুগুণে বৃদ্ধি কৰিলে আৰু আগন্তুক দিনবোৰত ৰাইজৰ সেৱাত অধিক নিষ্ঠাৰে কাম কৰাৰ প্ৰেৰণা যোগালে। এই আপাহতে মোক ভোট প্ৰদান নকৰা সকলোকো সমান মৰম আৰু শুভেচ্ছা জনাইছোঁ। সকলোৰে সহযোগিতা আৰু একতাৰ মাজেৰেই আমাৰ খুমটাই সমষ্টি অধিক উন্নত আৰু শক্তিশালী হৈ উঠিব বুলি মোৰ দৃঢ় বিশ্বাস। (সকলোৰে শুভেচ্ছা অন্তৰৰ পৰা গ্ৰহণ কৰিছোঁ । ফোন,Whats App যোগে শুভেচ্ছা নজনাবলৈ কাতৰ অনুৰোধ জনাইছোঁ )Pap l ol










#8PM #Election2026 #Khumtai গোলাঘাট জিলাৰ এই মুহূৰ্তৰ ভোট প্ৰদানৰ হাৰ- বোকাখাত - ৮২.১১% দেৰগাঁও - ৮২.৯৪% গোলাঘাট- ৮১.১৮% খুমটাই - ৮৪.৩৯% সৰুপথাৰ- ৭৮.৫৩% Voting percentage in Golaghat District- Bokakhat – 82.11% Dergaon – 82.94% Golaghat – 81.18% Khumtai – 84.39% Sarupathar – 78.53% গণতন্ত্ৰৰ এই উৎসৱৰ অংশীদাৰ প্ৰতিজন শ্ৰদ্ধাৰ ভোটাৰলৈ আন্তৰিক কৃতজ্ঞতা । Sincere thanks to all respected voters for taking part in this celebration of democracy.














