Sanjeev Hazorika
1.1K posts


@goswami__abhi সেই তাহানিতে যেতিয়া আমাৰ চিনেমাৰ কাম মাদ্ৰাজত (চেন্নাই) হৈছিল তেতিয়াই ' জয়া কিটচেন' নে তেনেকুৱা নামৰ এটা অলি গলিয়ে দেখিছিলো। জয়াললিতাৰ ফ্ৰি খানাৰ হোটেল।
বাংলা

জনতাৰ এই ৰায়দানৰ পৰা আমি সকলো বিৰোধী দলে বহু কথাৰ নিৰ্মোহ বিশ্লেষণ কৰিব পাৰিব লাগিব। EVMত দৃষ্টি নিক্ষেপ কৰি থাকিলে আমি নিজৰ ভুলসমূহৰ কেতিয়াও সঠিক বিশ্লেষণ কৰিব নোৱাৰিম।
আমাৰ দলেও কৰিব লগা বহু কাম আমি কৰা নাছিলো, সেই ব্যৰ্থতাৰ দায়িত্ব আমি নেতৃত্বই স্বীকাৰ কৰো আৰু আহিব লগা দিনত এই ত্ৰুটি সমূহ সংস্কাৰৰ বাবেও চেষ্টা কৰিম।
১) বিজেপি দলৰ সংগঠন তৃণমূললৈ সু-সংগঠিত সেই সত্য আমি স্বীকাৰ কৰি ল'বই লাগিব।
বিজেপিৰ এই সংগঠন এদিনৰ ফলশ্রুতি নহয়, এয়া ১৯২৫ চনত জন্মলাভ কৰা RSSৰ ১০০ বছৰীয়া ত্যাগ আৰু কষ্টৰ ফল।
২) জনসমাগম আৰু আবেগ ১০০% ভোটলৈ পৰিৱৰ্তন হ’ব বুলি ভাবি ল'ব নালাগে।
৩) দলৰ সংগঠন তৃণমূললৈ শক্তিশালী কৰিব নোৱাৰিলে নিৰ্বাচনত জয়লাভ কৰাতো কঠিন।
৪) আজি-কালি গৰিষ্ঠসংখ্যক ভোটাৰ ৰাইজে দল আৰু প্ৰতীক চাই ভোট দিয়ে, প্ৰাৰ্থীৰ যোগ্যতা বিশ্লেষণ নকৰে সেইবাবেই দলৰ সংগঠন প্ৰতিটো পৰিয়াললৈ সম্প্ৰসাৰণ কৰিবলৈ দলসমূহে নিৰন্তৰ প্ৰয়াস কৰিবই লাগিব।
৫) চৰকাৰৰ জনবিৰোধী কাম সমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাত আমি সফল নহ’লো।
৬) আমাৰ দলে নিজৰ ভুলসমুহৰ নিৰ্মোহ বিশ্লেষণ কৰিম, অন্য দল সমূহেও কৰিব বুলি আশা কৰিলো।
এইখিনি মোৰ ব্যক্তিগত অনুভৱ।
বাংলা

@SanjeevHazorika শুনিলে সাধুকথা যেন লাগে 🥺
কোন চনৰ কথা আছিল এয়া?
এতিয়া যোৰহাটত ৮০-টকাৰ পৰা আৰম্ভ হয়।
তেতিয়াৰ তুলনাত ১০০ গুণ দাম বাঢ়িল।
ৰে’লৱে’ৰ লগত তুলনা কৰিলেতো ৪০০ গুণ বাঢ়িল🥲
বাংলা

@Konpai_099 আন এটা উদাহৰণ। ইংৰাজীত টমেট' হিন্দীত টমাটৰ বাংলাত টম্যেট' অসমীয়াত বিলাহী।
কাৰ ভাষা ধনী ভাবি চাওকচোন! সেইটো ভাষাৰ বাবে চিন্তা কৰিবলগীয়া হৈছে।
ধিক্কাৰ!
বাংলা

@Mrinal_MLA @Rahul___JNU তাৰমানে আপুনিও দস্যু ভাস্কৰৰ ফেন! এৰা সেই সময়ৰ হাজাৰ হাজাৰ অসমীয়াৰ প্ৰিয় চৰিত্ৰ দস্যু ভাস্কৰ।
বাংলা

#8pm : #BookIdentification
#Dosyu Bhaskar, The Robin Hood of Assam.
#গ্ৰন্থপৰিচয়
#দস্যুভাষ্কৰ
'দস্যু ভাস্কৰ' । ইতিহাস আৰু লোককথাৰ সুন্দৰ সমন্বয়ত গঢ় লৈ উঠা এখন জনপ্ৰিয় অসমীয়া কাহিনী। এই গ্ৰন্থত 'ভাস্কৰ' নামৰ এজন দস্যুৰ জীৱন, সংগ্ৰাম আৰু সাহসিকতাপূৰ্ণ ঘটনাৱলী জীৱন্তভাৱে উপস্থাপন কৰা হৈছে।
ভাস্কৰ কেৱল এজন সাধাৰণ দস্যু নহয়; তেওঁ দৰিদ্ৰ আৰু নিপীড়িত লোকসকলৰ পক্ষ লোৱা এক ন্যায়প্ৰিয় আৰু সাহসী চৰিত্ৰ হিচাপে প্ৰতিফলিত হৈছে । যাক বুজাবলৈ ইংলেণ্ডৰ জনপ্ৰিয় লোককথাৰ এজন বীৰ চৰিত্ৰ ৰবিন হুদৰ লগত তুলনা কৰা হৈছে।
কাহিনীটোৱে অসমৰ পুৰণি সামাজিক-ৰাজনৈতিক পটভূমিত আগবাঢ়ি, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ, ন্যায়ৰ সন্ধান আৰু সমাজৰ বৈষম্যৰ গভীৰ ছবি উপস্থাপন কৰে ।
ঐতিহাসিক স্বাদ, ৰোমাঞ্চ আৰু নাটকীয় ঘটনাৰে সমৃদ্ধ 'দস্যু ভাস্কৰ' য়ে পাঠকক একে সময়তে আকৰ্ষিত কৰে আৰু মনোৰঞ্জনৰ লগতে গভীৰ সমাজমুখী বাৰ্তা প্ৰদান কৰে। সেয়ে তাহানিতে এই কাহিনীৰ পিছৰ খণ্ডটো কেতিয়া প্ৰকাশ পাব, সেই আশা আৰু আগ্ৰহ লৈ আমি অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ।
#MyLibrary

বাংলা

@Konpai_099 কৈছেহেনে! এইবোৰকে ভাবি ভাবি ভাষাটোৰ কি অৱস্থা হ'বগৈ ভাবিলেই ভয় লাগে। নিজৰতো এৰি আনৰ পৰা ধাৰ কৰা শব্দ ব্যৱহাৰ কৰাতো চৰিত্ৰ হৈ পৰিছে। গোমধানৰ দৰে ধুনীয়া নামতো এতিয়া মাকৈ হ'লগৈ।
বাংলা
Sanjeev Hazorika retweetledi










